Protest in Dibrugarh:জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আছাৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : May 23, 2023, 4:56 PM IST

AAASA protest for SC

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল ডিব্ৰুগড় (Demand for Tribalisation in Assam)। শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আছাৰ ।

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

মৰাণ, ২২ মে':ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ (AAASA protest in Dibrugarh)। আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় জিলাৰ চৌকিডিঙ্গিত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আছাই । আদিবাসী ছাত্র সন্থা অসমত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড়তো সন্থাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (AAASA protest for SC)।

অসমৰ চাহ বাগিচা আৰু গাঁও অঞ্চলত বসবাস কৰা আদিবাসী সকলে বাৰে বাৰে চৰকাৰক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবী জনাই অহাৰ পিচতো কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে কয় যে অসমৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আদি ক্ষেত্রত অৱদান আগবঢ়োৱা আদিবাসী সকলৰ জনজাতিকৰণৰ দাবীটোৰ ক্ষেত্রত পূৰ্বৰ চৰকাৰ সমূহে যি নীতি অৱলম্বন কৰি আহিছিল সেই একে নীতিকে বৰ্তমানৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰেও অৱলম্বন কৰিছে ।

ইপিনে, আছাই অভিযোগ উত্থাপন কৰি কয় যে ২০১৪ চনৰ লোকসভা আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পূৰ্বে বিজেপিয়ে শাসনত আহিলেই ছয় মাহৰ ভিতৰত আদিবাসীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেইমতে আদিবাসী চাহ শ্ৰমিকসকলে বিজেপিক শাসনৰ গাদীত বহুৱাইছিল । কিন্তু বিজেপি চৰকাৰে বিগত চৰকাৰসমূহৰ দৰে আদিবাসী সকলক কেৱল মাত্ৰ কেইটামান আঁচনি কাৰ্যকৰী কৰি জনগোষ্ঠীটোৰ সকলো ক্ষেত্রত উন্নয়ন হ'ব পৰা জনজাতিকৰণৰ মূল দাবীটোক দাবী হিচাপে জীয়াই ৰাখিছে । এই দাবীটো জীয়াই ৰাখি চৰকাৰে আদিবাসী সকলক ভোটবেংক ৰূপে ব্যৱহাৰ কৰিবলৈ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্র সন্থা ।

আদিবাসী সকলক ভোটবেংক হিচাপে ব্যৱহাৰ নকৰি শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ আছাই আজি এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অন্যথা অহা জুনৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়নি দিয়ে আদিবাসী ছাত্র সন্থাই ।

লগতে পঢ়ক:NABARD new project on silk:নাৱাৰ্ডৰ প্ৰশংসনীয় পদক্ষেপ: ৩৫০ টা পৰিয়াললৈ ৰেচমৰ দ্বাৰা উপাৰ্জনৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.