Assam HSLC Results 2023 : কন্যাৰ কিতাপ পঢ়ি HSLC ত উত্তীৰ্ণ মাতৃ

By

Published : May 23, 2023, 4:34 PM IST

thumbnail

মাজুলী, 23 মে’ : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে উত্তীৰ্ণ হ’ল মাতৃ-কন্যা (Mother and daughter passed HSLC) ৷ বয়স যে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে মাজুলী ডেকা শেনচোৱা গাঁৱৰ পৰিমিতা দাস নামৰ এগৰাকী মাতৃয়ে । ঘৰৰ সকলো কাম-বন কৰাৰ পিচত দৈনিক কন্যাৰ কিতাপ পঢ়ে পৰিমিতা দাসে ৷ কন্যাৰ কিতাপ পঢ়িয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষা বহিছিল পৰিমিতাই ৷

সৰুৰে পৰা পঢ়াৰ প্ৰতি হাবিয়াস থকা পৰিমিতা দাসে আধাতে পঢ়া সামৰণি মাৰিছিল ৷ তাৰ পাচত ঘৰৰ অমতত বিয়াত বহিছিল । কিন্তু পঢ়াৰ প্ৰতি পৰিমিতাৰ হেঁপাহ কমি যোৱা নাছিল । পঢ়াৰ প্ৰতি থকা হাবিয়াস থকা পৰিমিতাই বিয়াৰ বহু পাচত অৱশেষত আকৌ পঢ়াৰ মন মেলিলে ৷ অৱশেষত পঢ়াৰ প্ৰতি ধাউতি থকা পৰিমিতা দাসে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল ৷

লগতে পঢ়ক :  HSLC Results 2023 : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত ডিমা হাছাও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.