Anganwadi worker protest: তিনিচুকীয়াত অংগনৱাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:21 PM IST

thumbnail

তিনিচুকীয়া, ৯ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকা সন্থা সমিতিৰ আহ্বানত তিনিচুকীয়া জিলাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে তিনিচুকীয়াৰ বৰগুৰিস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবা শতাধিক অংগনৱাড়ী কৰ্মী সহায়িকাই এই কাৰ্যসূচীত অংশ লয় ৷   

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা, মাননিৰ সলনি মজুৰি প্ৰদান কৰা, অংগনৱাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া, অংগনবাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণৰ কাৰ্য বন্ধ কৰা, সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁঠনি উন্নত কৰিবলৈ চৰকাৰক দাবী জনাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, বিগত দিনকেইটাত ৰাজ্য বিভিন্ন প্ৰান্তত অংগনৱাড়ী কৰ্মীসকলে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিছে ৷

লগতে পঢ়ক: Anganwadi worker protest : অংগনবাড়ী কৰ্মীৰ সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.