Anganwadi Worker protest : মজুৰিৰ দাবীত ধেমাজিত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:26 PM IST

thumbnail

ধেমাজি, 11 অক্টোবৰ: বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই ৷ অসমত ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে বুধবাৰে ধেমাজি জিলাতো মাননিৰ সলনি মজুৰি দিয়া, অৱসৰপ্ৰাপ্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক এককালীন সাহাৰ্য দিয়া, গ্ৰেচ্যুইটি আদায় দিয়া আৰু নূন্যতম 2 হাজাৰ টকাকৈ পেন্সন আদায় দিয়াৰ দাবীত উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

‘‘ব্লক পৰ্যায়ত আন্দোলন কৰিলো ৷ এতিয়া জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ যদিহে চৰকাৰে আমাৰ দাবীসমূহ মানি নলয় তেতিয়া হ’লে দিছপুৰত আন্দোলন কৰা হ’ব ৷ অহা 31 অক্টোবৰলৈকে দিছপুৰৰ মুখ্য কাৰ্যালয়ত এদিনত এখনকৈ জিলাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই প্ৰতিবাদ কৰিব ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ৷

লগতে পঢ়ক:AJYP Protest at Sissiborgaon: গাইনদীৰ নামনিত মথাউৰি নিৰ্মাণৰ দাবীত চিচিবৰগাঁৱত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.