AJYP Protest at Sissiborgaon: গাইনদীৰ নামনিত মথাউৰি নিৰ্মাণৰ দাবীত চিচিবৰগাঁৱত ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:57 PM IST

thumbnail

ধেমাজি,10 অক্টোবৰ : মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিৰ চিচিবৰগাঁৱত ৰাইজৰ প্ৰতিবাদ ৷ কিয়নো গাই নদীয়ে ৰাইজক দীৰ্ঘদিনে জ্বলা-কলা খুৱাই আহিছে । কেতিয়াবা যদি মথাউৰি ছিগাৰ ফলত বহু অঞ্চল নিমিষতে ধ্বংস হৈছে, আন কেতিয়াবা আকৌ ভয়াবহ গৰাখহনীয়াই বহু পৰিয়ালক ঠিকনাবিহীন কৰি তুলিছে ।

তথাপিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকাৰৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সেয়ে গাই নৈৰ বাবে সৃষ্টি হোৱা এশ এবুৰি সমস্যা আৰু গাই নৈৰ নামনি অংশৰ প্ৰায় 7 কিঃমি ভগ্ন মথাউৰি বিজ্ঞানসন্মত ভাবে নিৰ্মাণৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় লোকৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ দুই শতাধিক ৰাইজে চিচিবৰগাঁৱৰ গড়মৰাৰ পৰা বাহিৰ কৰা পদযাত্ৰাত জলসম্পদ বিভাগ হায়-হায়, পীযুষ হাজৰীকা মুৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক আদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ । 

লগতে পঢ়ক:Amrit kalash Yatra: অখিল গগৈক দেশপ্ৰেম শিকাৰ পৰামৰ্শ সাংসদ প্ৰদান বৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.