বাক্সাত অংগনবাড়ী কৰ্মীৰ নিযুক্তিত অনিয়ম

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:06 PM IST

thumbnail

বাক্সা, ২১ ডিচেম্বৰ : বাক্সা জিলাৰ বৰমাৰ সংহত শিশু উন্নয়ন কেন্দ্ৰত নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । অংগনৱাড়ী কৰ্মীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ কৰিছে এগৰাকী প্ৰাৰ্থীয়ে । মমতা খানম নামৰ প্ৰাৰ্থীগৰাকীৰ মতে যোৱা ৩০ জুলাইত বৰমা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কেইবাটাও অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা আৰু অংগনবাড়ী কৰ্মী পদৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হৈছিল ।

কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াত ৩ নং কালজাৰ আৰু নিজ জুলুকীত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰিছে প্ৰাৰ্থীগৰাকীয়ে । ৩ নং কালজাৰৰ অংগনবাড়ী কৰ্মীৰ পদত নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল সৰ্বমুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে । সৰ্বাধিক নম্বৰৰ ভিত্তিত মমতা খানমে নিযুক্তি পাব লাগিছিল যদিও কম নম্বৰ পোৱা প্ৰাৰ্থীকহে বাছনি কৰা হয় ।

যাৰ বাবে বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে বৃহস্পতিবাৰে বাক্সা প্ৰেছ ক্লাৱত সংবাদমেলযোগে নিযুক্তিত অনিয়মৰ অভিযোগ উত্থাপন কৰে । নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰো সন্দেহ কৰে প্ৰাৰ্থীগৰাকীয়ে । এই ক্ষেত্ৰত তদন্ত কৰাৰ লগতে যোগ্য প্ৰাৰ্থীক বাছনি কৰাৰ দাবী জনায় বঞ্চিত প্ৰাৰ্থী মমতা খানমে ।

লগতে পঢ়ক :ডিব্ৰুগড় আৰক্ষীক প্ৰত্যাহ্বান, সদৰ থানাৰ কাষতে চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.