DU ragging controversy: হাস্পতালৰ বিছনাতে জন্মদিন উদযাপন আনন্দ শৰ্মাৰ

By

Published : Dec 8, 2022, 6:40 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিঙৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ ২২ সংখ্যক জন্মদিন হাস্পতালতে পালন কৰিলে পৰিয়ালৰ লোকে(Ragging in PNGB hostel) । বুধবাৰে আই চি ইউৰ বিছনাৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হৈছিল ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাক । অসমবাসীৰ আশীৰ্বাদত ক্ৰমাৎ উন্নত হৈছে আনন্দ শৰ্মাৰ স্বাস্থ্য(Anand Sharma health condition) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই । প্ৰথমে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত ৰাজহাড়ৰ তিনি ঘন্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছতেই হাতৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ । দুটাকৈ অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা । সকলোৱে আশা কৰিছে কম দিনতে সুস্থ হৈ শ্ৰেণী কোঠালৈ ঘূৰি আহিব আনন্দ শৰ্মা । ইফালে এই ঘটনাৰ লগত জড়িত ৭ জনকৈ ছাত্ৰক আটক কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে(Dibrugarh University ragging case) ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.