12 দিন ধৰি নিখোঁজ বৃদ্ধা মহিলা

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 6:34 PM IST

thumbnail

বাক্সা, 2 জানুৱাৰী :  বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত ভালুকদঙা গাঁৱত অঘটন ৷ যোৱা 12 দিন ধৰি নিখোঁজ হৈ আছে এগৰাকী বৃদ্ধা ৷ নিখোঁজ হৈ থকা বৃদ্ধাগৰাকী গালী বড়ো (75) বুলি জানিব পৰা গৈছে ৷ 

জানিব পৰামতে, যোৱা 22 ডিচেম্বৰৰ পৰা নিখোঁজ হৈ আছিল বৃদ্ধাগৰাকী ৷ সেইদিনা ঘৰৰ কোনো লোক নথকাত বৃদ্ধাগৰাকীয়ে গাড়ীত উঠি ভনীয়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ উদ্দেশ্যেৰে ওলাই যায় ৷  কিন্তু তাৰ পিচৰে পৰা মহিলাগৰাকীৰ কোনো খবৰ নাই ৷  গাঁৱৰ মহিলাগৰাকীৰ কথা মতে পৰিয়ালৰ লোকে বৃদ্ধাগৰাকীৰ ভগ্নীৰ ঘৰত সোধাপোছা কৰে যদিও তেওঁ সেই ঠাইত উপস্থিত হোৱা নাই বুলি কয় ৷ তেতিয়াই পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷  

অৱশেষত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব নোৱাৰি বৰমা আৰক্ষী থানাত এজাহাৰ দিয়ে ৷ কোনো লোকে বৃদ্ধাগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা 8761824909, 9859877991 নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.