Amrit Kalash Yatra: হোজাই উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯ খন পঞ্চায়তৰ অমৃত কলহ যাত্ৰা

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:04 AM IST

thumbnail

হোজাই, 16 অক্টোবৰ : দেওবাৰে হোজাইৰ জিলাৰ লামডিং সমষ্টিৰ উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯ খন পঞ্চায়তৰ একেলগে অমৃত কলহ যাত্ৰা কৰা হয় ৷  অমৃত কলহ যাত্ৰা কৰি উদালি খণ্ড উন্নয়ন বিষয়া স্নেহলতা ৰাভাৰ হাতত কলহ অৰ্পণ কৰা হয় । উদালি খণ্ড উন্নয়ন বিষয়া স্নেহলতা ৰাভাৰ হাতত অৰ্পণ কৰা প্ৰতিটো পঞ্চায়তৰ পৰা মাটি ভৰ্তি কলহ সমদল কৰি আনি উন্নয়ন খণ্ডত এক গোট কৰা হয় । এই উপলক্ষ্যে উদালি উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগণত এক সভাৰ আয়োজন কৰা হয় ।

সভাত অংশ গ্ৰহণ কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাস, জিলা পৰিষদৰ সভানত্ৰী ৰমাবালা দেৱী, বিজেপিৰ জিলা সভাপতি অনুপ দেৱ আদিকে ধৰি উদালি উন্নয়ন খণ্ডৰ বিষয়-ববীয়াসকলে । উক্ত অনুষ্ঠানত শ্বহীদ মনবৰ নাথৰ নাতিনীয়েক দেৱ নাথক সম্বৰ্ধনা জনোৱা হয় । বিভিন্ন কাৰ্যসূচীৰ পিচত পঞ্চায়তসমূহৰ পৰা অনা মাটি সংমিশ্ৰণ কৰি দুটা কলহত ভৰোৱা হয় । এই কলহ দুটাৰ এটা দিল্লীৰ অমৃত ময়দান নিৰ্মাণৰ বাবে প্ৰেৰণ কৰাৰ লগতে আনটো দিশপুৰলৈ প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : Amrit Kalash Yatra:অমৃত কলহ যাত্ৰাৰ ব্লক পৰ্যায়ৰ সভাত মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.