Amrit Kalash Yatra: হোজাইত অমৃত কলহ যাত্ৰা ৰূপায়ণ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 4:56 PM IST

thumbnail

হোজাই,৩০ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অংশস্বৰূপে অসমতো 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৰাজ্য চৰকাৰে । এই কাৰ্যসূচী অনুসৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিঘৰ লোকৰ পৰা সংগ্ৰহ কৰিছে এমুঠিকৈ মাটি । ব্যতিক্ৰম নহয় হোজাই । হোজাইৰ বিভিন্ন প্ৰান্তটো ৰূপায়ণ কৰা হৈছে অমৃত কলহ যাত্ৰা ।  

হোজাই লংকা পৌৰসভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত 'মোৰ দেশ মোৰ মাটি' অভিযানৰ অধীনত অমৃত কলহ যাত্ৰা ৰূপায়ণ কৰা হয় । শুকুৰবাৰে নিশালৈকে লংকা পৌৰসভাৰ অধীনস্থ আত্মসহায়ক গোটৰ মহিলাসকলে ৯ নং ৱাৰ্ডৰ ৰাজীৱ নগৰত মানুহৰ ঘৰে-ঘৰে গৈ এমুঠিকৈ মাটি সংগ্ৰহ কৰে ।

লগতে পঢ়ক: Amrit kalash Yatra : বুঢ়ীদিহিঙত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক সুৰেণ ফুকনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.