Karimganj rape news: শিক্ষক সমাজক কলুষিত কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

By

Published : May 19, 2023, 10:08 AM IST

thumbnail

কৰিমগঞ্জ, 19 মে’ : শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমাে সনাৰ অভিযোগ উত্থাপিত হৈছে ভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছাৰ উদ্দিনৰ বিৰুদ্ধে ৷ বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে আনিছে এক গুৰুতৰ অভিযোগ ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে ছাত্ৰী গৰাকীক প্ৰধান শিক্ষকজনে ধৰ্ষণ কৰা বুলি অভিযোগ তুলিছে ছাত্ৰীগৰাকীয়ে (Allegations of rape against Principal) ৷ 

ঘটনাৰ সবিশেষ তথ্য অনুসৰি উক্ত দিনা বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক তেওঁৰ কোঠালৈ মাতি অনাৰ পিছতে ভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছাৰ উদ্দিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীয়ে । কিশোৰীগৰাকীৰ পিতৃয়ে ধৰ্ষণৰ অভিযোগেৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ তৰিছে (rape news) । 

এই ঘটনাৰ কথা বিয়পি পৰাৰ লগে লগে উত্তাল হৈ পৰে পৰিৱেশ ৷ ধৰ্ষণকাৰী শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে বিভিন্ন দল-সংগঠন ৷ কেইবাটাও হিন্দু সংগঠনে জিলা সদৰত এই জঘণ্য ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাবস্ত্য কৰে। পথ অৱৰোধৰ সৈতে আৰক্ষীৰ অধীক্ষকৰ অফিচৰ সন্মুখত সকলোৱে ধৰ্ণা কাৰ্যসূচীও পালন কৰে ৷ 

বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই জঘন্য কাণ্ডত ক্ষুব্ধ হৈ পৰিছে হিন্দু সংগঠনৰ সদস্যসকল । দুপৰীয়া দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত কৰিমগঞ্জ পি ডব্লিউ ডিৰ কাৰ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । ধৰ্ষণকাৰী প্ৰধান শিক্ষক আছাৰ উদ্দিনক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ জিলাতে বৃহত্তৰ আন্দোলনৰ হুংকাৰ দিয়ে হিন্দু সংগঠনসমূহৰ বিষয়াসকলে । প্ৰতিবাদকাৰীসকলে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে কাৰ্যালয় এলেকাত ধুমুহাৰ সৃষ্টি কৰে । ভাংগা এলাকাত আৰক্ষীৰ আউটপোষ্ট ঘেৰাও কৰি স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Road accident at Teok : 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাছত বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.