Road accident at Teok : 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাছত বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ ঘটনা

By

Published : May 18, 2023, 9:45 PM IST

thumbnail
()

টীয়ক, 18 মে’ : মৃত্যু উপত্যকাত পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত (Road accident at Teok) । অপৰিকল্পিতভাৱে পথ সম্প্ৰসাৰণৰ কামে বৃদ্ধি কৰিছে দুৰ্ঘটনাৰ সংখ্যা । কাণসাৰ নাই নিৰ্মাণ সংস্থাৰ লগতে তদাৰকী সংস্থা NHIDCL আৰু চৰকাৰী পক্ষৰ (Poor condition of Jorhat bypass NH 37)।

বুধাবাৰে নিশা পথ সম্প্ৰসাৰণৰে জড়িত ঠিকাদাৰ প্ৰতিষ্ঠানৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে টীয়কৰ জগদুৱাৰ জানত সোমাই মৃত্যু হ’ল ONGC ৰ বিষয়া ভাস্কৰ জ্যোতি বৰ্মনৰ । পথত হয়তো নিদিষ্ট সাংকেতিক চিহ্ন থকা হ’লে এই দুৰ্ঘটনা সংঘটিত নহ’লহেতেন বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে । অৱশ্যে এয়া প্ৰথম দুৰ্ঘটনা নহয়, নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে উক্ত পথছোৱাত (Road accident at Teok) ।

উল্লেখযোগ্য যে, কোনো এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’লে এইদৰে ৰাইজ, দল সংগঠন তথা সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰে আৰু বিভাগীয় কৰ্তৃপক্ষই তাৰ দুই তিনিদিন পৰ্যন্ত চাৰিলেনযুক্ত পথৰ আসোঁৱাহসমূহ নিৰ্মূল কৰিবলৈ চেষ্টা চলায় ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত সকলো ফোটোকাৰ ফেনলৈ পৰিণত হয় । ঠিকাদাৰী প্ৰতিষ্ঠানকে ধৰি চৰকাৰী পক্ষৰ বহু বিষয়া-আমোলা-মন্ত্ৰী এই পথেৰে অহা যোৱা কৰে যদিও কাৰো কাণসাৰ নাই ।

ইপিনে পথ নিৰ্মাণৰ সৈতে জড়িত অসমৰ চৰকাৰৰ বিভাগসমূহৰ মাজত বুজাপৰাৰ অভাৱত এইদৰে বছৰ বছৰ ধৰি পথ নিৰ্মাণত যতি পৰিছে বুলি একাংশ পথ নিৰ্মাণৰ সৈতে জড়িত নিৱনুৱা যুৱকে জানিবলৈ দিয়ে । সেয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিস্থানৰ মাজত উচিত বুজা পৰা কৰি অনতি পলমে যোৰহাট বাইপাছ পৰা জাঁজী পৰ্যন্ত পথছোৱা মেৰামতি কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে ৷ লগতে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ আশা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Junmoni Rabha case : বঙালমৰা আৰক্ষী চকীত উপস্থিত CID ৰ তিনিজনীয়া তদন্তকাৰী দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.