পথ সুৰক্ষা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 9:52 AM IST

thumbnail

জোনাই, ৮ জানুৱাৰী : মৃত্যুদূতলৈ পৰিণত হৈছে নৱনিৰ্মিত পথ ৷ জোনাই ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনস্থ 15 নং, 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰাম্য পথ সংযোগী পথ সুৰক্ষা অৰ্থাৎ Speed Breaker ৰ নিৰ্মাণৰ নামত 2022-23 বিত্তীয় বৰ্ষত 77.58 লক্ষাধিক টকা অনুমোদন লাভ কৰিছে ৰাজকুমাৰ বিশ্বাস নামৰ ঠিকাদাৰগৰাকীয়ে ৷ তাৰ পিচতেই কামৰ নমুনা চালে আপোনাৰো চকু কপালত উঠিব ৷ ধেমাজিৰ কানিবিলৰ পৰা চিলাপথাৰ নগৰ হৈ জোনাই সংযোগী পথলৈ পথ সুৰক্ষাৰ নিৰ্মাণ চলি থকা পথৰ মাজতে স্পীড ব্ৰেকাৰ এৰি গৈছে ঠিকাদাৰে ৷ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত দুয়োপাৰে কোনো ৰেড চিগনেল, ডিভাইডাৰৰ ব্যৱস্থা নকৰাকৈ পথ নিৰ্মাণৰ কাম চলাইছে ঠিকাদাৰে ৷

ইয়াৰ পিচতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে, সামান্য কাম কৰিয়ে ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ঠিকাদাৰগৰাকীয়ে । সেইবাবে স্থানীয় ৰাইজে পথ সুৰক্ষা নিৰ্মাণৰ কাম বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰীক আহি পৰিদৰ্শন কৰি অতি শীঘ্ৰে ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: বিসংগতিপূর্ণ মিছন ভূমিপুত্ৰ বাতিল কৰাৰ দাবীত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.