বিসংগতিপূর্ণ মিছন ভূমিপুত্ৰ বাতিল কৰাৰ দাবীত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:07 PM IST

thumbnail

গুৱাহাটী, ৮ জানুৱাৰী : নায্যপ্ৰাপ্তিৰ দাবীত চচলত পুনৰ প্ৰতিবাদত বহিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম । অনুসূচিত জাতিৰ ছাত্ৰৰ জলপানি নিয়মীয়াকৈ আদায় দিয়া, বিসংগতিপূৰ্ণ মিছন ভূমিপত্ৰ আঁচনি শীঘ্ৰেই বাতিল কৰা, অনুসূচিত জাতিৰ বেকলগ পদ পূৰণৰ বাবে শীঘ্ৰেই বিশেষ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা, অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান কৰা দাবীৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

অনুসূচিত জাতিৰ সমস্যাক লৈ পিঠি দিয়া ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি যুৱ ছাত্ৰ পৰিষদৰ অসমৰ নেতৃবৃন্দই কয়, বিগত দিনত অনুসূচিত জাতিৰ লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীলৈ দাবীসমূহ সমাধানৰ বাবে স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল । কিন্তু আজোকপতি সমস্যাসমূহ সমাধান নহ’ল, সেয়ে সমস্যাসমূহ সমাধানৰ বাবে সোমবাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ ।

জনজাতিৰ পদোন্নতিত সংৰক্ষণ আইন অনুযায়ী জ্যেষ্ঠতাৰ ধাৰাবাহিকতাৰ অক্ষুন্ন ৰখা ,বিসংগতি পূৰ্ণ মিছন ভূমিপুত্ৰ বাতিল কৰা , বেকলগ পদ পূৰণ আৰু ছাত্ৰৰ জলপানি নিয়মীয়াকৰণৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.