ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:31 PM IST

thumbnail

গোলাঘাট, 8 জানুৱাৰী : ন্যায্য প্ৰাপ্তিৰ দাবীত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদৰ স্থান গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ ৷ প্ৰতিবাদকাৰীৰ অভিযোগ, ৰাজ্য চৰকাৰে অনুসূচিত জনজাতি লোকসকলক প্ৰতাৰণা কৰিছে ৷ যাৰ বিৰুদ্ধে গোলাঘাটত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৷ নিৰ্বাচনৰ প্ৰচাৰত অনুসূচিত এলেকাত বিজেপিক সোমোৱাত বাধা প্ৰদান কৰিব সংগঠনটোৱে । প্ৰতিবাদকাৰীৰ দাবী, অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ পৰিমাণ 100% বৃদ্ধি কৰি নিয়মীয়াকৈ আদায় কৰা, অনুসূচিত জাতিক শীঘ্ৰে স্বায়ত্তশাসন প্ৰদান কৰা, বিসংগতিপূৰ্ণ মিছন ভূমিপুত্ৰ আঁচনি শীঘ্ৰে বাতিল কৰা, চৰকাৰী চাকৰি নিয়োজিত পদোন্নতি জ্যেষ্ঠতাৰ ভিত্তিত ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা ৷

ইয়াৰ উপৰিও অনুসুচিত জাতিৰ লোক নোহোৱাকৈ বহু ভুৱা চাৰ্টিফিকেট লৈ চৰকাৰী চাকৰিত নিয়োজিত হৈ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, অনুসুচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত থকা যিসমূহ পদ বন্ধ হৈ আছে সেই পদত অতি সোনকালে মুকলি কৰা ইত্যাদি ৷

লগতে পঢ়ক : অইলৰ কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ আমৰণ অনশন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.