চিকিৎসকৰ ভুলৰ বাবে দৃষ্টিশক্তি হেৰুওৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:24 PM IST

thumbnail

বৰপেটা,২৮ আগষ্ট: বৰপেটা মেডিকেল কলেজ হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাই দৃষ্টিশক্তি হেৰুৱাৰ অভিযোগ । বৰপেটা গান্ধীনগৰৰ দুলু দাস নামৰ মহিলাগৰাকীয়ে চিকিৎসকৰ ভুলৰ বাবে নিজৰ দৃষ্টিশক্তি হেৰুওৱাৰ অভিযোগ উত্থাপন হৈছে । বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চকু চিকিৎসক ডাঃ জ্যোতি ভূঞাৰ গাফিলতিৰ বাবেই দুলু দাসে দৃষ্টিশক্তি হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ তুলিছে মহিলাগৰাকীৰ পুত্ৰ ডিম্পল দাসে ।  

ডিম্পল দাসৰ অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ বাবে চকুত বেজী প্ৰয়োগ কৰাৰ পিছতে মহিলাগৰাকী অসহ্য চকুৰ বিষত ভূগিবলগীয়া হয় আৰু পৰৱৰ্তী সময়ত চকুৰ দৃষ্টিশক্তি হেৰুৱায় পেলায় । ইয়াৰ পিছতে পৰিয়ালৰ লোকে মহিলাগৰাকীক গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ত চিকিৎসা কৰায় । শংকৰদেৱ নেত্ৰালয়ত চকু পৰীক্ষাত মহিলাগৰাকীৰ চকুৰ ৰেটিনাখন ফাটি যোৱাৰ বাবে চকুটো বিকল হোৱাৰ কথা উল্লেখ কৰে ।  

আনফালে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে চিকিৎসকৰ ভুলৰ বাবে মহিলাগৰাকীয়ে দৃষ্টিশক্তি হেৰুৱাবলগীয়া হোৱাৰ কথাটো একেমুখে নস্যাৎ কৰে ৷ আনকি চিকিৎসাৰ ক্ষেত্ৰত মেডিকেল কলেজৰ চিকিৎসকৰ কোনো গাফিলতি হোৱা নাই বুলিও প্ৰকাশ কৰে । ইতিমধ্য়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ভুক্তভোগী পৰিয়ালটোৱে । 

লগতে পঢ়ক: বিৰোধীৰ একতা সম্ভৱ নহয়, ৰাইজ আমাৰ লগত আছে- অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.