Majuli Excise Depertment : খোল নাখায় মাজুলীৰ আবকাৰী বিভাগৰ কাৰ্যালয়

By

Published : Aug 2, 2023, 4:03 PM IST

thumbnail

মাজুলী, 2 আগষ্ট : মাজুলীৰ জিলা আবকাৰী বিভাগৰ আজৱ কাণ্ড ৷ কার্যালয় খুলি নাথাকে বিভাগৰ বিষয়া-কৰ্মচাৰী ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা আবকাৰী বিভাগৰ কাৰ্যালয়টো খোলাবাৰতো খোল নোখোৱাৰ অভিযোগ ৷ এগৰাকী উপ-পৰিদৰ্শক, 5 জন কনিষ্টবল থকা বিভাগটোৰ কাৰ্যালয়ত কোনো বিষয়া-কৰ্মচাৰীক বিচাৰি পোৱা নাযায় ৷  

স্থায়ী কাৰ্যালয় নথকাৰ অজুহাতত জিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া দুটা কোঠালীৰ অস্থায়ী কাৰ্যালয়ত নবহে বিষয়া-কৰ্মচাৰী ৷ আবকাৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে পৰি ৰৈছে সুৰাৰ বটল ৷ সুৰা মুক্ত মাজুলী, কিন্তু জিলাখনৰ চুকে-কোণে চলিছে দেশী-বিদেশী অবৈধ সুৰাৰ বেহা ৷

তথাপিও নিস্ক্ৰিয় মাজুলীৰ আবকাৰী বিভাগ ৷ ফলস্বৰূপে মাজুলীৰ জিলা আয়ুক্তৰ হস্তক্ষেপৰ দাবী মাজুলীৰ সচেতন ৰাইজৰ ৷ সুৰামুক্ত মাজুলীৰ বিভিন্ন ঠাইত কেনেদৰে অবৈধ সুৰাৰ ঘটি গঢ় লৈ উঠিছে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Drugs Smuggler Arrested: তিনিচুকীয়াৰ দহোটীয়াচুকত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.