Car bid at ONGC:অ'এন জি চিত থলুৱাক প্ৰৱঞ্চনাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ

By

Published : Aug 5, 2023, 5:33 PM IST

thumbnail

শিৱসাগৰ, ৫ আগষ্ট: অ'এন জি চিত ৩৭২ খন গাড়ীৰ নিবিদাত থলুৱা নিৱনুৱা যুৱকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ । শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল এই অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই । অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ আৰু কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে  অ'এন জি চিত ৩৭২ খন গাড়ীৰ নিবিদা প্ৰক্ৰিয়াত থলুৱা নিৱনুৱা যুৱকক প্ৰৱঞ্চনা কৰাৰ লক্ষ্যৰে নীতি নিৰ্ধাৰণ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে ।

তেওঁলেকে অ' এন জি চিৰ গাড়ী চলাবলৈ অ' এন জি চিত তিনি বছৰ গাড়ী চলোৱাৰ অভিজ্ঞতা ধাৰ্য কৰা নীতিৰ বিৰোধিতা কৰে ।‌ তেনে নীতি কাৰ্যকৰী কৰিলে পূৰ্বৰে পৰা নিবিদা লাভ কৰা সকলৰহে বাট মুকলি হ'ব বুলি কয় অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ আৰু কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে । তেওঁলোকে অ'এন জি চিত গাড়ী নিবিদাৰ নামত ছিণ্ডিকেট চলাৰ অভিযোগ কৰে । 

এজন ব্যক্তিৰ এখনেই গাড়ী দিয়াৰ নীতি বলবৎ কৰাৰ দাবী জনায় অসমীয়া যুৱ মঞ্চই । নিবিদাৰ নীতি নিয়ম সলনি কৰিবলৈ ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিছে অসমীয়া যুৱ মঞ্চই । অন্যথা শিৱসাগৰ জিলা বন্ধৰ লগতে অ'এন জি চি বন্ধ কাৰ্যসূচী গ্ৰহণৰো  হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Morigaon: জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ মৰিগাঁও জিলা তদৰ্থ সমিতি গঠন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.