Protest at Dhemaji: কেইবাটাও দাবীৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট

By

Published : May 24, 2023, 4:44 PM IST

thumbnail

ধেমাজি, 24 মে’: ধেমাজিৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত বুধবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ জীয়াঢলৰ কুমটীয়া নদীৰ মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা , লেহেমীয়া গতিৰে কাম কৰা নিৰ্মাণ সংস্থাৰ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা , চিচিবৰগাৱঁৰ গেলুৱাত চলি থকা ৰন্ধন গেছৰ চোৰাং ব্যৱসায়ৰ লগত জড়িতক গ্ৰেপ্তাৰ কৰা, ধেমাজি সদৰৰ পদ্মনাথ গোহাঁঞি বৰুৱা পথটো শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে (AJYP Protest in Dhemaji) ৷  

ধৰ্মঘটস্থলীত বিজেপি চৰকাৰ হুচিয়াৰ , অসম চৰকাৰ হায় হায় , লোক নিৰ্মাণ বিভাগ গ’ বেক , হিমন্ত বিশ্ব শৰ্মা গ’ বেক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৱে ধেমাজি জিলা উপায়ুক্তলৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰদান কৰে (Protest at Dhemaji) ৷  

প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই বাৰিষাৰ পূৰ্বেই জিলাখনৰ চকুলো খ্যাত জীয়াঢল নদীৰ কুমটীয়া মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দাবী জনায়৷ আনহাতে ধেমাজি জিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা ধেমাজি উচ্চতৰ মাধ্যমিক আৰু বঙালমাৰীলৈ যোৱা অতি ব্যস্ত পথটো বিধ্বস্ত হৈ পৰাত নগৰবাসীয়ে যাতায়তত দুৰ্ভোগ ভুগি আহিছে যদিও সংশ্লিষ্ট বিভাগে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়েহে এই সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই নেতা গৰাকীয়ে ৷ লগতে সংগঠনটোৰ দাবী সমূহ পূৰণ নকৰিলে শীঘ্ৰেই ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীয়ে (Protest in Dhemaji) ৷

তদুপৰি সংগঠনটোৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই চৰকাৰৰখনক কেৱল আচঁনি আৰু আধাৰশিলা স্থাপন কৰি চমৎকাৰ দিয়া চৰকাৰ বুলি আখ্যা দি অৰুণোদয় আঁচনিৰ ধনকে দিব নোৱাৰা চৰকাৰে চৰকাৰী 45 হাজাৰ নিযুক্তি দি পুনৰ চমৎকাৰ দিবলৈ বিচৰা বুলি ভৎসনা কৰে (Asom Jatiyatabadi Yuba Parishad) ৷

লগতে পঢ়ক: Conflict in Jorhat BJP:যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সংঘাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.