AJYP protest:ধেমাজি জিলা প্ৰশাসনৰ জুমুঠি দাহ, ৰন্ধন গেছৰ চোৰাং বেহা বন্ধৰ দাবী

By

Published : Jun 28, 2023, 8:03 PM IST

thumbnail

ধেমাজি, 28 জুন : ৰন্ধন গেছৰ চোৰাং বেহা বন্ধ কৰাৰ দাবীত বুধবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও চাৰিআলিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে চিলিণ্ডাৰ লৈ ধেমাজি জিলা প্ৰশাসনৰ প্ৰতিকৃতি জ্বলাই ৰন্ধন গেছৰ চোৰাং বেহা বন্ধ কৰা দাবী জনায় ৷

সংগঠনটোৱে কৰা অভিযোগ মতে দীৰ্ঘদিন ধৰি চিচিবৰগাঁৱৰ গেলুৱা আৰু মেচাকি অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে ৰন্ধন গেছৰ চোৰাং বেহা  চলাই গৈছে যদিও ধেমাজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ইয়াৰ লগত জড়িত ব্যক্তিসকলক আজিকোপতি গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সেয়ে অতি শীঘ্ৰে চোৰাং বেহাত জড়িতসকলক গ্ৰেপ্তাৰৰ দাবী জনাই পুনৰবাৰ ধেমাজি জিলা প্ৰশাসনক বিশ দিনৰ সময়সীমা বান্ধি দিয়ে অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : Matak Union protest: সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.