AJYCP Protest:শক্তিমন্ত্ৰীৰ জুমুঠি দাহ কৰি নলবাৰীৰ চৰাঞ্চলত AJYCP ৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:48 AM IST

thumbnail

নলবাৰী, 6 অক্টোবৰ : সঘনাই লোড শ্বেডিং আৰু অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ চৰাঞ্চলত জ্বলিল শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ জুমুঠি । বৃহস্পতিবাৰে নলবাৰী জিলাৰ চৰাঞ্চলত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী চৰাঞ্চলিক সমিতিয়ে ।

শক্তি মন্ত্ৰীৰ বিদ্যুৎ যোগান অনিয়মীয়া হোৱাৰ উপৰিও বিদ্যুৎ মাচুল বৃদ্ধি হোৱাত বৰক্ষেত্ৰী চৰাঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰি আকাশ বতাহ কপাই তোলে । অসম চৰকাৰ মুৰ্দাবাদ, শক্তি মন্ত্ৰী মুৰ্দাবাদ, AJYCP LONG LIVE, জয় আই অসম আদি বিভিন্ন শ্ল’গানেৰে এক বৃহৎ সমদল উলিয়ায় বৰক্ষেত্ৰী চৰাঞ্চল আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে । প্ৰতিবাদী দলটোৱে ভাংনামাৰী আৰক্ষী থানাৰ সমীপৰ পৰা ভাংনামাৰী পাৰঘাটলৈ এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি শাসনাধীষ্ঠ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক : AJYCP Protest: নলবাৰীত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি AJYCP ৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.