Teok AJYCP protest in Teok: অসমীয়াৰ প্ৰতি অপমানজনক মন্তব্য কৰা ব্য়ৱসায়ীয়ে ক্ষমা খুজিলে

By

Published : Apr 11, 2023, 10:18 PM IST

thumbnail

টীয়ক, ১১ এপ্ৰিল: অসমীয়া জাতিৰ প্ৰতি অপমানজনক মন্তব্য কৰা টীয়কৰ এজন ব্য়ৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Derogatory remarks against Assamese) । এই ব্য়ৱসায়ীজনে এজন যুৱকৰ মাতৃৰ প্ৰতিও অপমান সূচক মন্তব্য কৰে । ইয়াৰ পিচতেই  টীয়ক নগৰৰ মাজমজিয়াত অৱস্থিত লক্ষ্মী বস্ত্ৰালয়ৰ ব্য়ৱসায়ীজনৰ বিৰুদ্ধে সৰৱৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি (AJYCP protest against businessman in Teok)।  

এই  ব্যৱসায়িক প্ৰতিষ্ঠানখনত কৰ্মৰত এজন অসমীয়া যুৱকক টেলিফোনযোগে ব্যৱসায়ীজনে কৰা কেতবোৰ আশালীন মন্তব্যৰ বিষয়ে জানিব পাৰি অসম জাতীয়তাবাদী  যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আহি ব্যৱসায়ীজনক তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য কৰায় (Businessman apologizes in Teok)। অৱশ্যে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলৰ হেঁচাত ব্যৱসায়ীজনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইপিনে, সমগ্ৰ অসমতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে টীয়কৰ পৰাই সমূহ বহিৰাগত ব্য়ৱসায়িক সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক:Bihu dance for World record: বিহুৰ বিশ্বমুখী যাত্ৰালৈ অহা শিল্পীৰ দুদৰ্শা; ৰাজপথতে কটালে উজাগৰী নিশা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.