ETV Bharat / state

Bihu dance for World record: বিহুৰ বিশ্বমুখী যাত্ৰালৈ অহা শিল্পীৰ দুদৰ্শা; ৰাজপথতে কটালে উজাগৰী নিশা

author img

By

Published : Apr 11, 2023, 5:56 PM IST

many participants of mega rangali bihu spent last night on road in Guwahati
বিহুৰ বিশ্ব অভিলেখত অথন্তৰ বিহুৱা বিহুৱতীৰ

বিহুৰ আয়োজন নহয় যেন শৰণাৰ্থী শিৱিৰহে ৷ বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলোৱা বিহুত অংশগ্ৰহণ কৰিবলৈ আহি ত্ৰাহি মধুসূদন সুঁৱৰিছে বিহুৱা বিহুৱতীয়ে (Participants of mega rangali bihu) ৷ ভোকে লঘোণে চৰকাৰে বুক কৰা আৱাসস্থলীৰ পকা মজিয়াতে কাপোৰ পাৰি নিশাটো কটাইছে অংশগ্ৰহণকাৰীসকলে (Participants spent sleepless night on road) ৷

বিহুৰ বিশ্ব অভিলেখত অথন্তৰ বিহুৱা বিহুৱতীৰ

গুৱাহাটী, ১১ এপ্ৰিল: 100 কোটি টকা ব্যয়েৰে বিশালভাৱে বিহু নৃত্য প্ৰদৰ্শন কৰি অভিলেখ গঢ়াৰ দিশে অসম চৰকাৰ ৷ কিন্তু বিহুৰ নামত মহানগৰীলৈ আহি আলৈ আথানি হ’ল বিহুৱা-বিহুৱতীৰ ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে বিহুৱা-বিহুৱতী থকা কোঠাৰ ফটোৱে (Participants spent sleepless night on road) ৷ পকা মজিয়াতে কাপোৰ পাৰি নিশাটো কটাইছে বিহুৱাসকলে (Viral photo mega rangali bihu participants) ৷

বিহুলৈ মাথো কেইটামান দিন ৷ ইয়াৰ লগে লগে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়িবলৈ মহানগৰীত বৃদ্ধি হৈছে ব্যাপক তৎপৰতা ৷ এইবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব অসমৰ বিহু (Bihu Guinness world record)। অহা 14 এপ্ৰিলত বাপতি সাহোন ৰঙালী বিহুৱে লাভ কৰিব নতুন স্বীকৃতি । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অসম চৰকাৰৰ উদ্যোগত প্ৰায় এঘাৰ হাজাৰ বিহুৱা-নাচনীয়ে সৰুসজাই ষ্টেডিয়ামত একেলগে বিহু নাচ প্ৰদৰ্শন কৰিব ।

ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ আখৰা কৰি সোমবাৰে গুৱাহাটীলৈ আহিছে বিহুৱা-বিহুৱতীসকল ৷ তাৰ পিচতে 11 এপ্ৰিল অৰ্থাৎ মঙলবাৰৰ পৰা 14 এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ সকলো প্ৰান্তৰ বিহুৱা-বিহুৱতীয়ে বিহুৰ আখৰা কৰিব (Mega Bihu event) ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঢুলীয়া-নাচনী, প্ৰশিক্ষকৰ বাবে সোমবাৰৰ পৰা অৰ্থাৎ ১০ ৰ পৰা ১৫ এপ্ৰিললৈ মহানগৰীৰ ৯০% হোটেল-ল’জ বুকিং কৰা হৈছে (hotels booked for mega Bihu event) ।

মহানগৰীৰ পাশ্চৱৰ্তী অঞ্চল সোণাপুৰৰ দিচাং ৰিজ’ৰ্ট, ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্ট, স্প্ৰীংভেলী, আৰিয়ান ৰিজ’ৰ্ট, ডেকা চাং আৰু বৰঝাৰৰ কিৰণশ্ৰী, বেতকুছিৰ ৰয়েল গ্ল’বেল স্কুলৰ হোষ্টেলৰ পৰা আমিনগাঁৱৰ আই আই টিৰ হোষ্টেললৈকে সকলোতে এইসকল শিল্পীক ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

কিন্তু সোমবাৰৰ নিশা ইয়াৰ বিপৰীত ছবিহে প্ৰত্যক্ষ কৰা হ’ল (Participants of mega rangali bihu) ৷ মহানগৰীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটিত থাকিবলৈ দিয়া বিহুৱাসকলৰ নিশা হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় (Tense situation at Royal Global University) ৷ থাকিবলৈ, শুবলৈ নাই কোনো ব্যৱস্থা, নাই খোৱা বোৱাৰ সু-ব্যৱস্থা ।

নিশা ম’হৰ কামোৰ খাই ৰাজপথতে বহি উজাগৰী নিশা কটালে একাংশ বিহুৱাই (Participants spent sleepless night on road)। ডিব্ৰুগড়ৰ পৰা সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছিল প্ৰায় ১৫ শ বিহুৱা-বিহুৱতীৰ দলটো ৷ এই ঘটনাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মহানগৰ আৰক্ষী আয়ুক্তৰ লগতে কামৰূপ জিলা উপায়ুক্ত উপস্থিত হয় ৷

আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিহুৱা নাচনী লৈ অহা বাছৰ চালক হেণ্ডিমেনসকলেও হাহাকাৰ কৰিবলগীয়া হৈছে (Participants spent sleepless night on road)। সোমবাৰে দূৰ দূৰণিৰ পৰা আহি সন্ধিয়া গুৱাহাটী পাইছিলহি বাছৰ চালক হেণ্ডিমেনসকলে । কিন্তু বাছৰ চালক হেণ্ডিমেনক ৰখাৰ বাবে কোনো ব্যৱস্থা নকৰাত নিশাটো বাছৰ ভিতৰতে কটাবলগীয়া হোৱা চৰকাৰ ওপৰত সামাজিক মাধ্যমত ক্ষোভ উজাৰে বাছৰ কৰ্মচাৰীসকলে ।

ইফালে ১০-১৫ এপ্ৰিললৈ বাছবোৰ বুকিং কৰা হৈছিল ৷ লগতে বাছসমূহৰ কৰ্মচাৰীসকলক থকা খোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱা হৈছিল ৷ কিন্তু খোৱাৰ ব্যৱস্থাতো দূৰৰ কথা থকাৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে বাছৰ কৰ্মচাৰীসকলে ।

লগতে পঢ়ক: Protest in Jania: মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ

এই ঘটনাৰ পিচতে বহুতে সামাজিক মাধ্যমত কঠোৰ ভাষাৰে সমালোচনা কৰিছে এই বিহু অনুষ্ঠানক (People scolding govt for Mega Rangali Bihu) ৷ বিহু অনুষ্ঠানৰ নামত বহুৱালি কৰা বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে, এই বিহু অনুষ্ঠানৰ সন্দৰ্ভত চৰকাৰী মন্ত্ৰী বিধায়কসকলে যিধৰণে মন্তব্য প্ৰকাশ কৰিছিল, তাৰ পৰিৱৰ্তে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে বিহুৱা-বিহুৱতীসকল সন্মুখীন হোৱা দুৰৱস্থাৰ ফটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.