Price Hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব AJYCPয়ে

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:07 PM IST

thumbnail

জোনাই,2 অক্টোবৰ : ৰাজ্যত পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । উল্লেখ্য যে, ৰাজ্য চৰকাৰে অক্টোবৰৰ প্ৰথম দিনটোৰ পৰাই প্ৰতি ইউনিট বিদ্যুতৰ মাচুল 1.29 টকা পৰ্যন্ত বৃদ্ধি আৰু বাণিজ্যিক চিলিণ্ডাৰৰ 209 টকাকৈ মূল্যবৃদ্ধি ঘোষণাৰ পিচতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠটোৱে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঁইয়ে কয়, ‘‘অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে ৰাইজক মাধমাৰ সোধাইছে চৰকাৰে ৷ অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ৰাইজক অৰ্থনৈতিকভাবে শোষণ কৰিছে চৰকাৰে ৷  হিমন্ত চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে ৷ চৰকাৰে লোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে অহা 3 অক্টোবৰত ৰাজ্যৰ প্ৰতিটো জিলা সদৰত গণতান্ত্ৰিক আন্দোলন কৰা হ’ব ৷ পুত্তলিকা দাহ কৰা হ’ব শক্তিমন্ত্ৰীৰ ৷ চৰকাৰে ৰাইজক টেঁটুচেপা দিছে ৷ শীঘ্ৰে হ্ৰাস কৰক বিদ্যুতৰ মাচুল ৷ ’’ 

লগতে পঢ়ক:Dhemaji theft news:ধেমাজিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা দুধৰ্ষ চোৰক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.