ভূপেন বৰাই দলীয় কৰ্মীক সংযত হ’বলৈ শিকাওক: আমিনুল ইছলাম

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 9:29 PM IST

Updated : Nov 26, 2023, 10:34 PM IST

thumbnail

হোজাই, 26 নৱেম্বৰ: বৰাক ভেলীত AIUDF দল আৰু কংগ্ৰেছৰ দলৰ কৰ্মীৰ মাজত সংঘাত হোৱা সন্দৰ্ভত মানকাচাৰৰ বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে ৰাজনৈতিক দল অস্বষ্টি হ’লে নহ’ব । প্ৰত্যেকটো ৰাজনৈতিক দলৰ ৰেলী, সভা কৰাৰ সম অধিকাৰ আছে ।

আনহাতে বিধায়কগৰাকীয়ে ভূপেন বৰাক অনুৰোধ কৰে যাতে কংগ্ৰেছ কৰ্মীসকলক সংযত হ’বলৈ শিকায় ৷ AIUDF ৰ বিধায়কগৰাকীয়ে চৰকাৰখনে আৰোপ কৰা কৰৰ প্ৰসংগত বিজেপিক কঠোৰ সমালোচনা কৰে ৷ তেওঁ কয় যে চিৰা-মূৰিৰ ওপৰত কৰ আৰোপ কৰা, বিহুৰ ওপৰত কৰ আৰোপ কৰা, ধৰ্মীয় অনুষ্ঠানত কৰ আৰোপ কৰাতকৈ দুৰ্ভাগ্যজনক কথা একো হ’ব নোৱাৰে ৷ চৰকাৰখন দেউলীয়া হৈছে বুলি মন্তব্য কৰি আমিনুল ইছলামে কয় যে এই চৰকাৰখনে ৰাইজক শোষণ কৰিছে, এই চৰকাৰখন উন্নয়নকামী চৰকাৰ হৈ থকা নাই ।

লগতে পঢ়ক : আজমল ছুপাৰ ৪০ৰ তিনি শতাধিক কৃতী শিক্ষার্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ

Last Updated : Nov 26, 2023, 10:34 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.