AGP leaders to Join in Congress: ষড়যন্ত্ৰকাৰী বিধায়কৰ বিৰুদ্ধে সময়ত মুখ খুলিব সত্যব্ৰত কলিতাই

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:00 PM IST

thumbnail

গুৱাহাটী, ১০ অক্টোবৰ: ‘‘মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা এজন বিধায়কৰ বিৰুদ্ধে সময়ত মুখ খুলিম ৷’’ অগপৰ নেতা তথা কমলপুৰৰ প্ৰাক্তন অগপৰ বিধায়ক সত্যব্ৰত কলিতাই মঙলবাৰে দিয়ে এই হুংকাৰ । গুৱাহাটীত অগপৰ আমবাৰী কাৰ্যালয়ত অনুষ্ঠিত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত সত্যব্ৰত কলিতাই এই হুংকাৰ দি কয়, ‘‘মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলোৰে নাম সময়ত ৰাজহুৱা কৰিম ।"  

উল্লেখ্য যে অগপৰ চাৰিগৰাকীকৈ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ডাঃ কমলা কলিতা আৰু উৎপল দত্তই কংগ্ৰেছত যোগদান কৰাৰ বাবে ইতিমধ্যে যোগাযোগ কৰিছে বুলি এক প্ৰচাৰ চলিছিল । এনে সময়তে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।  

কলিতাই কয়, ‘‘কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায় আছে । ইয়াৰ ভিতৰত এজন বিধায়ক আছে । এজন সাংবাদিকো জড়িত আছে আৰু কংগ্ৰেছৰ এটা পক্ষ জড়িত আছে । অহা ১১ অক্টোবৰত মই ‌কংগেছত যোগদান কৰিম‌ বুলি কংগ্ৰেছে মোৰ ফটো সম্বলিত বেনাৰ পৰ্যন্ত তৈয়াৰ কৰা বুলি শুনিছোঁ ।’’

কলিতাই লগতে কয়, ‘‘যদি মই দলত্যাগ কৰো‌ আগতে সংবাদ‌ মাধ্যমৰ আগত সদৰী কৰিম । এয়া ঠিক যে ২০২১ চনত নিৰ্বাচনত অৱতীৰ্ণ ‌হোৱাৰ বাবে টিকট নোপোৱাৰ পিছত মনত কিছু ‌সাময়িক অসন্তুষ্টি‌ আছিল । পিছত স্বাভাবিক হয় । তাৰ‌ পিছৰ‌ পৰা এতিয়ালৈকে দলৰ বাবে ‌কাম কৰি‌ আহিছো । এতিয়াও মোৰ সমষ্টিত মোৰ প্ৰভাৱ আছে ।’’

লক্ষণীয় যে অগপৰ দলৰ কেবাগৰাকী শীৰ্ষ নেতাই কংগ্ৰেছ দলত যোগদান‌ কৰাৰ কথা অগপৰ‌ সভাপতি অতুল বৰায়ো সম্পূৰ্ণভাবে নসাৎ কৰে । গুৱাহাটীত অগপৰ আমবাৰী কাৰ্যালয়ত অনুষ্ঠিত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত বৰাই কয় যে অগপৰ দলৰ কোনো শীৰ্ষ নেতা কংগ্ৰেছ দলত যোগদান নকৰে । এয়া অপপ্ৰচাৰ ।‌ কংগ্ৰছৰ ষড়যন্ত্ৰ ।

লগতে পঢ়ক: AGP top leaders to join in Congress: কংগ্ৰেছৰ গাত ষড়যন্ত্ৰৰ দোষ জাপিলে অতুল বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.