MLA Ramendra Narayan Kalita: অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ আছে অগপৰ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 12:37 PM IST

thumbnail

ৰঙিয়া, ৮ নৱেম্বৰ: আমি কাৰো বহতীয়া নহয়, আমি কাৰো বোকোচাত উঠি নিৰ্বাচন নেখেলো । ৰঙিয়াত এই মন্তব্য অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত অগপৰ সাধাৰণ সম্পাদক কলিতাই অগপ ইতিমধ্যে পূৰ্বতকৈ যথেষ্ট শক্তিশালী স্থিতিত থকাৰ কথা উল্লেখ কৰি দলটোক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন কৌশল হাতত লোৱাৰ কথা ব্যক্ত কৰে ৷

তেওঁ কয়, আমি যে সহায় বেলেগৰ কান্ধত উঠিয়েই যাব লাগিব তাৰ কোনো মানে নাই । ইতিমধ্যে পূৰ্বতকৈ এতিয়া যথেষ্ট শক্তিশালী স্থিতিত অগপ । দলটোক শক্তিশালী কৰাৰ বাবে বিভিন্ন কৌশল হাতত লৈছে অগপই ৷ তৃণমূল পৰ্যায়তো চলি আছে দলটোক শক্তিশালী কৰাৰ প্ৰক্ৰিয়া । কাৰো সহায় নোলোৱাকৈ অকলেই নিৰ্বাচনত অবতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ আছে অগপৰ । অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এনেদৰে আওপকীয়াকৈ চেলেঞ্জ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক ।

লগতে পঢ়ক: AAP leader criticizes Sherman Ali : শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ; কিন্তু কিয়?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.