Old woman dead body recovered: শোৱনি কোঠাৰ বিচনাত উঁৱলি যোৱা অৱস্থাত বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:52 PM IST

Updated : Oct 2, 2023, 12:00 PM IST

thumbnail

যোৰহাট, 1 অক্টোবৰ: যোৰহাট জিলা অন্তৰ্গত বাহনা ধোঁৱাপুখুৰী গাঁৱৰ এটা ঘৰৰ ভিতৰত দেওবাৰে এগৰাকী মহিলাৰ উঁৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মহিলাগৰাকীৰ শোৱনি কোঠাৰ বিচনাৰ পৰা সম্পূৰ্ণ উঁৱলি যোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ মৃত মহিলাগৰাকীৰ নাম অনুপমা দত্ত (75) ।

মৃত বৃদ্ধ মহিলাগৰাকীৰ সন্তান কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে। বৃদ্ধা মহিলাগৰাকীৰ সৈতে এগৰাকী কন্যা সন্তান একেলগে আছিল যদিও কন্যা সন্তানগৰাকী মানসিকভাৱে সুস্থ নহয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । এই ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

এগৰাকী জন্মদাত্ৰী মাতৃক পুত্ৰ সন্তানে অৱহেলা কৰাৰ বাবে দুখ কষ্ট আৰু যন্ত্ৰণাত ছটফটাই মাতৃগৰাকী মৃত্যুমুখত পৰিব লগা হ'ল বুলি সৰ্বত্ৰে অভিযোগ উথাপিত হৈছে।ইতিমধ্যে ভোগদৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

বৃদ্ধামহিলাগৰাকীৰ কিদৰে মৃত্যু হ’ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক: Assam Meghalaya border tension: লাপাংআপত বাহন আৱদ্ধ কৰি তিনি অসমীয়াক আক্ৰমণ খাছীৰ; এজন নিখোঁজ

Last Updated : Oct 2, 2023, 12:00 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.