নলবাৰীৰ আদাবাৰী আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ; চিকিৎসালয় পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:59 PM IST

thumbnail

নলবাৰী, ২১ নৱেম্বৰ : অসম চৰকাৰে ৰাজ্যত স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰাৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । সেই উদ্দেশ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰি আহিছে স্বাস্থ্য মেলা । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱ ।

মঙলবাৰে এই স্বাস্থ্য সেৱা উৎসৱত চিকিৎসালয়খন পৰিদৰ্শন কৰে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে । তিনিদিনীয়াকৈ আয়োজন কৰা স্বাস্থ্য সেৱা উৎসৱৰ মঙলবাৰে দ্বিতীয়দিনা আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে চিকিৎসালয়খনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসংশা কৰে ।

আনহাতে, স্বাস্থ্যৰ প্ৰতি ৰাইজৰ সজাগতা বৃদ্ধি কৰাৰ বাবে এই স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :নিযুক্তি লাভ কৰিবলৈ ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰি জালত পৰিল যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.