Meghranjani on Majuli Durga Puja: মাজুলীত দুৰ্গাপূজা ! কি ক'লে নৃত্যপটীয়সী মেঘৰঞ্জনীয়ে

By

Published : Nov 10, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

নদীদ্বীপ মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ দিব লাগে বুলি মাজুলীৰ এগৰাকী সত্ৰাধিকাৰে কিছুদিন আগতে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যপটীয়সী মেঘৰঞ্জনী মেধিয়ে(Assamese film actress Meghranjani Medhi) । জামুগুৰিহাটত ৰাস মহোৎসৱত(Jamugurihat Raas Utsav ) ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অহা নৃত্যপটীয়সীগৰাকীয়ে এই সন্দৰ্ভত কয়, সকলো ঠাইৰে একো একোটা বৈশিষ্ট্য আছে । নদীদ্বীপ মাজুলি ৰাসৰ ঠাই(River island Majuli) । গতিকে মাজুলী মাজুলী হৈয়েই থাকক । দুৰ্গা পূজা বিভিন্ন স্থানত অনুষ্ঠিত হয়, তাতে হওঁক । ইফালে ৰাস মহোৎসৱৰ সময়চোৱাত ৰাস মহোৎসৱস্থলীত গোপী নৃত্যৰ প্ৰদৰ্শনৰ নামত কোনেও যাতে অশ্লীলতা প্ৰদৰ্শন নকৰে তাৰ প্ৰতিও আহ্বান জনাই বিশিষ্ট নৃত্য পটীয়সীগৰাকীয়ে । উল্লেখ্য যে বিগত বৰ্ষত একাংশ ৰাস মহোৎসৱত গোপীৰ নৃত্য প্ৰদৰ্শনৰ নামত একাংশই বিকৃত তথা অশ্লীল নৃত্য প্ৰদৰ্শন কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.