Dhekiajuli Acid attack: ৰাক্ষসমাৰীত চুবুৰীয়া বিবাহিত পুৰুষে যুৱতীৰ গাত ঢালিলে এচিড

By

Published : Dec 26, 2022, 1:26 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত যুৱতীক এচিড আক্ৰমণ (Acid attack in Tezpur) । দেওবাৰে বিয়লি প্ৰায় 3 বজাত অঞ্চলটোৰ এখন চাহ বাগিচাত সংঘটিত হয় এই ঘটনা ৷ এজন ব্যৱসায়ীয়ে যুৱতীগৰাকীৰ গালৈ নিক্ষেপ কৰে এচিড (A girl becomes victim of acid attack)। এই ঘটনাত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Acid attack incident in Assam)৷ ৰাক্ষসমাৰীৰ বাসু কৰ নামৰ এজন ব্যৱসায়ীয়ে এচিড নিক্ষেপ কৰাৰ তথ্য পোহৰলৈ আহিছে । ইতিমধ্যে ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা বুলি শোণিতপুৰ আৰক্ষীয়ে জানিবলৈ দিছে (One nabbed on accused of acid attack)। এচিড আক্ৰমণৰ ফলত যুৱতীগৰাকীৰ শৰীৰৰ প্ৰায় 15 শতাংশ জ্বলি যোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে । বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে ভুক্তভোগী যুৱতীগৰাকী । চিকিৎসকৰ তথ্য মতে যুৱতী গৰাকীৰ ডিঙি, কাণ, মূৰৰ একাংশ এচিডৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.