Child Marriage Crackdown:বাল্য বিবাহ বিৰোধী আভিযানত নলবাৰীত আটক ১০

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:50 PM IST

thumbnail

নলবাৰী,৩ অক্টোবৰ: ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো পুনৰ চলিছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জিলাখনত আটক ১০ গৰাকী লোক । ইয়াৰে নলবাৰী সদৰ আৰক্ষীয়ে আটক কৰে তিনি অভিযুক্তক ৷ মুকালমুৱা আৰক্ষীয়ে আটক কৰিছে চাৰি অভিযুক্ত অভিভাৱকক ৷ তদুপৰি ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰিছে দুগৰাকী অভিযুক্তক । ধমধমা আৰক্ষীয়ে আটক কৰিছে এগৰাকী অভিযুক্তক ।  

ধৃত অভিযুক্ত সকলৰ ভিতৰত বেছিভাগেই অভিভাৱক ৷ আৰক্ষীয়ে বৰ্তমান আটাইকেগৰাকী লোকক সোধা-পোচা অব্যাহত ৰাখিছে । এই অভিযান আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Operation against Child Marriage : লখিমপুৰত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 10 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.