Accident in Diphu: কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:11 PM IST

thumbnail

ডিফু, 12 নৱেম্বৰ: শনিবাৰৰ নিশা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু তেওঁৰ সতীৰ্থসকলক লগত লৈ বাহনেৰে মৰিগাঁৱৰ পৰা ডিফু অভিমুখে আহি থকা অৱস্থাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ৷ গাড়ীখনত  চন্দ্ৰছিং ক্ৰ'ৰ লগতে আন দুজন ব্যক্তি আহত হয়  ৷ কাৰ্বি কালচাৰেল ছ’চাইটিৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা প্ৰায় 10 বজাত মৰিগাঁৱৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিফুলৈ উভতি অহাৰ সময়ত মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত লাংপাৰপানত এই দুৰ্ঘটনাটো সংঘটিত হয় । 

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, AS 09J-2322 পঞ্জীয়ন নম্বৰৰ এখন বাহনে বিপৰীত দিশৰ পৰা তীব্ৰগতিত অহা কেচিএছ সভাপতিৰ AS09K-1229 পঞ্জীয়ন নম্বৰৰ বাহনখনত খুন্দা মাৰে ৷ ফলত কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ' আৰু ডিফুৰ কাৰ্বি মিউজিকেল ট্ৰেডিচনেল স্কুলৰ অধ্যক্ষ বনছাম কাথাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । দুয়োগৰাকীকে চিকিৎসাৰ বাবে ডিফুৰ ৰেংপলি মাল্টিস্পেচিয়েলিটি হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক: Sikh Killed in Canada: দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.