ETV Bharat / international

Sikh Killed in Canada: দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:54 AM IST

Updated : Nov 12, 2023, 1:37 PM IST

দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ শিখ লোক ৷ 41 বছৰীয়া লোকজনৰ লগতে গুলীয়াই হত্যা কৰা হয় 11 বছৰীয়া তেওঁৰ পুত্ৰজনক ৷ 2021 চনৰ মাৰ্চ মাহৰ এটা গোচৰত অস্ত্ৰৰে আক্ৰমণ আৰু অকৰ্তৃত্বশীলভাৱে আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগো উত্থাপন হৈছিল মৃত লোকজনৰ বিৰুদ্ধে । লোকজন ভাৰতীয় মূলৰ হৰপ্ৰীত সিং উপ্পাল (41) বুলি জানিব পৰা গৈছে ৷

Gang violence in Canada
দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 নৱেম্বৰ: কানাডাত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ভাৰতীয়ৰ ৷ দেশখনৰ অপৰাধ জগতৰ এগৰাকী “উচ্চ পৰ্যায়ৰ ব্যক্তি” হিচাপে বৰ্ণনা কৰা এজন ভাৰতীয় মূলৰ শিখ লোক আৰু তেওঁৰ 11 বছৰীয়া পুত্ৰক গুলীয়াই হত্যা কৰা হয় ৷ এডমন্টন চহৰত সৃষ্ট এই হিংসাত্মক পৰিস্থিতিক আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি বুলি অভিহিত কৰিছে ।

বৃহস্পতিবাৰে বিয়লি গেছ ষ্টেচনৰ বাহিৰত দিনৰ ভাগত গুলীয়াই হত্যা কৰা হয় ভাৰতীয় মূলৰ হৰপ্ৰীত সিং উপ্পাল (41) আৰু তেওঁৰ পুত্ৰক । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে জনায় কলিন ডাৰ্কচেনে । ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ্পালৰ গাড়ীত আছিল তেওঁৰ 11 বছৰীয়া সন্তানটিৰ এজন বন্ধু ৷ বন্ধুজন সুৰক্ষিত বুলি জানিব পৰা গৈছে ৷

দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা কিশোৰটিৰ নাম আৰক্ষীয়ে বৰ্তমানেও প্ৰকাশ কৰা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিশোৰটিৰ নশ্বৰ দেহ । ডাৰ্কচেনে কয় যে চুৰি হোৱা এখন সন্দেহজনক বাহন 2012 চনৰ বিএমডব্লিউ এক্স 6 বিউমণ্ট উত্তৰত জুই লগা পৰিলক্ষিত হৈছিল । অৱশ্যে অগ্নিকাণ্ডৰ সংঘটিত হোৱা গাড়ীখনৰ ভিতৰত কোনো লোক উদ্ধাৰ হোৱা নাই আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।

শুকুৰবাৰৰ পুৱা পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰু কোনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা নাই বুলি জানিব পৰা গৈছে । ডাৰ্কচেনে কয় যে এডমন্টনত অপৰাধ সংঘটিত হোৱা স্থানত উপ্পাল নামৰ যিজন “উচ্চ পৰ্যায়ৰ ব্যক্তি”ক নিগ্ৰহ কৰা হৈছে, তেওঁ কোনো নিৰ্দিষ্ট গোটৰ সৈতে জড়িত নেকি সেই কথা ক’বলৈ অস্বীকাৰ প্ৰকাশ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

উপ্পলে কোকেইন ৰখা আৰু সৰবৰাহৰ লগতে অবৈধভাৱে অস্ত্ৰ ৰখাৰ অভিযোগৰ সন্মুখীন হৈছিল । CBC News এ প্ৰকাশ কৰা অনুসৰি 2024 চনৰ এপ্ৰিল মাহৰ পৰা বিচাৰ আৰম্ভ হ’ব । 2021 চনৰ মাৰ্চ মাহৰ এটা গোচৰত অস্ত্ৰৰে আক্ৰমণ আৰু অকৰ্তৃত্বশীলভাৱে আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগো উত্থাপন হৈছিল মৃত উপ্পলৰ বিৰুদ্ধে । আদালতে ফেব্ৰুৱাৰী মাহত সেই কাৰ্যবিধি স্থগিত ৰাখিছিল বুলি জানিব পৰা হৈছে ।

আৰক্ষীয়ে এই গুলীচালনা কোনো হিংসাৰ প্ৰতিশোধ বা উপ্পল হত্যাৰ যোগেদি কোনো প্ৰতিশোধ লোৱা হৈছে নেকি বুলি উত্থাপিত প্ৰশ্ন সন্দৰ্ভতো ডাৰ্কচেনে মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে ৷ উপ্পল আছিল ব্ৰাদাৰ্ছ কীপাৰ্ছৰ এজন বিশিষ্ট সহযোগী বুলি জানিব পৰা গৈছে ।

তেওঁৰ হত্যাকাণ্ড ৰাষ্ট্ৰসংঘৰ গেং আৰু বি কেৰ মাজত হোৱা যুদ্ধৰ অংশ বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: Sudanese in West Darfur: চুডানত বৃদ্ধি হোৱা হিংসাত্মক পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

Last Updated : Nov 12, 2023, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.