Kokrajhar News: আৰক্ষী থানাৰ ন্যায়িক পৰিসীমা ৰঙিয়া লৈ স্থানান্তৰৰ বিৰোধিতা এবছুৰ

By

Published : Aug 20, 2023, 7:48 PM IST

thumbnail

কোকৰাঝাৰ, ২০ আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰ থানাৰ ন্যায়িক পৰিসীমা সলনি কৰাক লৈ বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।উল্লেখ্য যে  গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়া এক নিৰ্দেশনা পত্ৰযোগে বিটিআৰৰ বাক্সা জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰ থানাৰ ন্যায়িক পৰিসীমা অৰ্থাৎ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ লগতে নিস্পত্তি ৰঙিয়ালৈ স্থানান্তৰকৰণ কৰাৰ নিৰ্দেশনা দিছে ৷  

উক্ত নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ ৰবিবাৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পূৰ্বৰ স্থানতে অৰ্থাৎ মুছলপুৰৰ অধীনতেই তামুলপুৰ তথা গোৰেশ্বৰ থানাৰ সকলো প্ৰকাৰৰ গোচৰৰ নিস্পত্তিৰ পৰিসীমা বাহাল ৰখাৰ দাবী জনাইছে এবছুৰ সভাপতিগৰাকীয়ে  ৷  

আজি মুছলপুৰত কৰিছে, কাইলৈ চিৰাং বা পৰ্বতঝোৰাত কৰিব নেকি বুলি ক্ষোভ উজাৰি এবছুৰ সভাপতিগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা বিটিআৰবাসীৰ আবেগ-অনুভূতিতত আঘাত কৰা হৈছে । সেয়েহে জনসাধাৰণৰ আৱেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ আৰু গোৰেশ্বৰ থানাৰ ন্যায়িক পৰিসীমা পূৰ্বৰ দৰেই বাহাল ৰখাৰ দাবী জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । 

লগতে পঢ়ক:Rajen Gohain: মুখ্যমন্ত্ৰীৰ অনুৰোধত নিজে অমিত শ্বাহৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.