AASU Protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোলাঘাটত আছুৰ প্ৰতিবাদ

By

Published : Oct 13, 2022, 4:37 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে (Protest against price hike in Assam)। সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest at Golaghat)। ৰাজ্য চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোলাঘাটতো আছুৱে জনালে প্ৰতিবাদ । কেন্দ্ৰীয় সমিতিৰ আহ্বানৰ পাছতেই গোলাঘাটত সদৌ গোলাঘাট ছাত্ৰ সন্থাই প্ৰতিবাদ জনায় । বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি আৰু সাধাৰণ জনতাৰ ওপৰত অত্যাধিক কৰৰ (AASU protest against tax in Golaghat) বোজা জাপি দিয়াৰ বিৰোধিতা কৰি আছুৰ এই প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে বজাৰত লাগিছে জুই অসম চৰকাৰৰ আছে শুই বুলি শ্ল'গান দিয়ে । প্ৰতিবাদকাৰীসকলে খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰক,চৰকাৰ হায় হায়,যোগান বিভাগ হায় আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে । ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰীকো (AASU criticised food and civil supply minister)তীব্ৰ সমালোচনা কৰে আছুৰ প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.