Samujjal Kumar Bhattacharya on jihadi issue: অসমত জেহাদী-মৌলবাদীৰ লগতে বাংলাদেশীৰো কোনো স্থান নাই

By

Published : Jul 28, 2022, 8:35 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মৰিগাঁৱৰ মৈৰাবাৰীৰ এটা মাদ্ৰাছাত জেহাদীৰ ঘাটি উৎখাত(Jihadi activities from madrasa in Morigaon) আৰু বৰপেটাত সাতজনকৈ জেহাদী গ্ৰেপ্তাৰ হোৱা ঘটনা(7 Jihadi arrested in Barpeta) সন্দৰ্ভত বৃহস্পতিবাৰে নলবাৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, অসম আন্দোলনত অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থাই কৈ অহা প্ৰতিটো কথা আজি এটা এটাকৈ সঁচা প্ৰমাণিত হৈছে ৷ অসমত অবৈধ বাংলাদেশীৰ সমান্তৰালকৈ জেহাদী মৌলবাদীৰ তৎপৰতা চলি আছে(AASU Chief Advisor Samujjal Kumar Bhattacharya reaction on Jihadi) ৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আছুৱে কৈ থকা কথাবোৰকেই উল্লেখ কৰি আছে । অসম আন্দোলনৰ সময়ৰ পৰাই বলিষ্ঠ পদক্ষেপ লোৱা হ’লে আজি অসমত জেহাদী মৌলবাদী শক্তিয়ে গা কৰি উঠিব নোৱাৰিলেহেতেন । আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে, অসম চুক্তিখন কাৰ্যকৰী নকৰা বাবে অসমত অবৈধ বিদেশীৰ দপদপনি আৰু মৌলবাদী শক্তিয়ে গা কৰি উঠিবলৈ সক্ষম হৈছে । তেওঁ অসম চৰকাৰক অসমৰ মাটিৰ পৰা অবৈধ বিদেশী আৰু এনেবোৰ অপশক্তিক পুলিয়ে-পোখাই সোনকালে উৎখাত কৰিবলৈ আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.