Justice for Vineet Bagaria: পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ মৃত্যুৰ ঘটনাৰ ন্যায় ৰাজপথত আম আদমী পাৰ্টী

By

Published : Jul 8, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

মানসিক অত্যাচাৰৰ বলি হৈ আত্মহত্যাৰ কৰিবলৈ বাধ্য হোৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ(Animal activist Vineet Bagaria) মৃত্যুৰ ঘটনাৰ উচিত ন্যায় বিচাৰি ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল আম আদমী পাৰ্টি । শুকুৰবাৰে সন্ধিয়া আম আদমী পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিয়ে(Dibrugarh AAP protest) চহৰখনৰ ফুলবাগানৰ পৰা থানা চাৰিআলিলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰি উক্ত ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ জনায় ৷ পশুপ্ৰেমীগৰাকীৰ প্ৰতি শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰাৰ লগতে কৰ্তব্যত গাফিলতি কৰা আৰক্ষী বিষয়াগৰাকীৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰ, দ্বীজেন গগৈ, ডিব্ৰুগড় জিলাৰ সমন্বয়ক কমল দাসকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.