Srinkhal Chaliha: আপত যোগদান কৰাৰ ইংগিত শৃংখল চলিহাৰ!

By

Published : Apr 14, 2023, 8:38 PM IST

thumbnail

শিৱসাগৰ, 14 এপ্ৰিল: "ৰাজনীতিত সকলো কথা সম্ভৱ ৷ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ লগত আমি এই কথা পাতিম ৷ বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি সকলো লগ হৈ একেলগে এখন ৰাজনৈতিক সংগ্ৰাম কৰিবই লাগিব ৷ ৰাজনৈতিক সংগ্ৰামৰ পথ কোনটো হ’ব সেইটো আমাৰ সৈনিকসকলে নিৰ্ণয় কৰিব ৷ আমি বিজেপিক হৰুৱাৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত জাতীয় সংগ্ৰামত থাকিলেও কাম কৰিম, ৰাজনৈতিক জীৱনতো কাম কৰি যাম ৷" বিহুৰ দিনাই আপ আসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীক নিজৰ ঘৰত অপ্যায়ন কৰি এই মন্তব্য বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ৷  

শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় আপ আসমৰ সভাপতি ভবেন চৌধুৰী (AAP Assam president Bhaben Choudhury in Sivasagar) ৷ সভাপতিগৰাকীয়ে শিৱসাগৰত সাক্ষাৎ কৰে অসম আন্দোলনৰ নেতা প্ৰণৱজিৎ চলিহা আৰু শৃংখল চলিহাক ৷ আপ অসমৰ সভাপতি ভবেন চৌধুৰীয়ে সাংবাদিকৰ আগত প্ৰণৱজিৎ চলিহাৰ স্বাস্থ্যৰ খবৰ কৰিবলৈ অহা বুলি কয় যদিও শৃংখল চলিহাৰ সৈতে বহু ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰে ( AAP Assam president in Srinkhal Chaliha home )। 

লগতে পঢ়ক: Goru bihu celebration : বৰপেটাত হেঁপাহৰ গৰু বিহু পালন

শৃংখল চলিহাই আপত যোগদান কৰাৰ সন্দৰ্ভত কোনো মতামত নিদিলেও তেওঁ বিজেপিক হৰুৱাবলৈ সকলো লগ হৈ এখন ৰাজনৈতিক সংগ্ৰাম কৰাৰ আপত যোগদান কৰাৰহে ইংগিতহে বহন কৰিছে ৷  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.