AAMSU protest : সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সমস্যা সমাধানৰ দাবীত AAMSU ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:52 PM IST

thumbnail

মৰাণ, 5 অক্টোবৰ : ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ ৷ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ডিব্ৰুগড়ৰ জিলা সমিতিৰ উদ্যোগত চহৰখনৰ চৌকিডিঙী চাৰিআলিত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকসকল আধাৰ কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। শীঘ্ৰে লোকসকলক আধাৰ কাৰ্ড প্ৰদান কৰক, সংখ্যালঘু জনবসতি এলেকাত চৰকাৰে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীক বিনামুলীয়াকৈ পাঠ্যপুথি যোগান ধৰক আৰু সংখ্যালঘু মুছলমানসকলক চৰকাৰী আঁচনি "বসুন্ধৰা" ৰ অধীনত অন্তৰ্ভুক্ত কৰি সকাহ প্ৰদান কৰক বুলি দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে  ৷

লগতে পঢ়ক: B Barooah College : বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.