AAMSU protest : পাগলাস্থানত AAMSU ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:48 PM IST

thumbnail

বঙাইগাঁও, ৫ অক্টোবৰ : বঙাইগাঁও চহৰৰ পাগলাস্থানত AAMSUৰ প্ৰতিবাদ ৷ প্ৰতিকুল বতৰকো নেওচি বৃহস্পতিবাৰে বঙাইগাঁৱৰ পাগলাস্থানত শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিৰ শতাধিক কৰ্মীয়ে সাত দফীয়া দাবী লৈ প্ৰতিবাদত বহে।
ছাত্ৰ-ছাত্ৰীৰ সমস্যা, আধাৰ কাৰ্ডৰ সমস্যা আদিকে ধৰি বিভিন্ন সমস্যা লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰ উপৰিও বঙাইগাঁও জিলাৰ নদীসমূহত হোৱা অবৈধ খননৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ লগতে প্ৰতিবাদকাৰীসকলে সমস্যাসমুহৰ উচিত বিচাৰ কৰি সমাধানৰ দাবী জনায় । অন্যথা অনাগত দিনত সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়নৰ কৰ্মীসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

ক্ষোভিত প্ৰতিবাদকাৰীসকলে কয় যে, চৰকাৰে ৰাইজৰ কাৰণে কি কৰিছে? অসমৰ কাৰণে কি কৰিছে? স্বাধীনতাৰ ইমান বছৰৰ পিচতো আমি শিক্ষাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক: B Barooah College : বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.