Protest in Lakhimpur: প্ৰতিবাদত উত্তাল লখিমপুৰৰ বঙালমৰা

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:05 PM IST

thumbnail

বিহপুৰীয়া,২৬ অক্টোবৰ: লখিমপুৰ জিলাৰ বঙালমৰাত আমছুৰ উত্তাল প্ৰতিবাদ । লালুক-বিহপুৰীয়া সংযোগী ৰাজ্যিক গড়কাপ্তানী পথ অৱৰোধ কৰি বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুয়ে ৷ সংখ্যালঘু আধুষিত অঞ্চলৰ ৰাস্তা ঘাটসমূহ উন্নয়নৰ দাবীত শতাধিক আমছু কৰ্মীৰ লগতে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷  

অতি শীঘ্ৰে ৰাস্তা ঘাটসমূহ নিৰ্মাণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ সাংসদ প্ৰদান বৰুৱা আৰু নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ উল্লখ্য যে বঙালমৰাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা বাট-পথসমূহ জৰাজীৰ্ণ হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দূৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে ৷  

লগতে পঢ়ক: Allegation against Sankaradeva sangha : ডিব্ৰুগড়ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে এটা পৰিয়ালক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.