ETV Bharat / state

Allegation against Sankaradeva sangha : ডিব্ৰুগড়ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে এটা পৰিয়ালক !

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:55 PM IST

allegation against srimanta sankaradeva sangha expelled family from society at moran
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক আজৱ ঘটনা

ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন প্ৰাথমিক শাখাত আজৱ কাণ্ড ৷ ন্যায়ালয়ত মোকৰ্দমা চলি থকা বাবেই এটা পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ ৷ বিয়াৰ অভ্যৰ্থনাত অংশ লোৱা দুই ভকতকো বিহা হৈছে দণ্ড ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক আজৱ ঘটনা

ডিব্ৰুগড়, 26 অক্টোবৰ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই । কিন্তু এই সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানত সংঘটিত কিছু ঘটনাই আচৰিত কৰি তোলে সচেতন ৰাইজক । এইবাৰ ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক আজৱ ঘটনা । নিশ্চিত কোনো বিষয় নোহোৱাকৈ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ দঙৰপথাৰ গাঁৱৰ এটি পৰিয়ালক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত মণিকাঞ্চন প্ৰাথমিক শাখাৰ বিষয়ববীয়াই এঘৰীয়া কৰি ৰাখিছে এটি দুৰ্ভগীয়া পৰিয়ালক ।

দঙৰপথাৰৰ নিৱাসী নগেন বৰুৱাৰ পৰিয়ালত হৈছে এই ঘটনা । ন্যায়ালয়ত এটি মোকৰ্দমা চলি থকাৰ অপৰাধতেই নগেন বৰুৱাৰ পৰিয়ালটোক 2019 চনৰ পৰা বৰ্তমানলৈকে মণিকাঞ্চন প্ৰাথমিক শাখাই এঘৰীয়া কৰি ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কেৱল এইয়াই নহয় । নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা নগেন বৰুৱাই বিবাহৰ উপলক্ষে নিজ ঘৰত অনুষ্ঠিত কৰা অভ্যৰ্থনা অনুষ্ঠানত মাছ- মাংস দিয়াৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই পৰিয়ালটোক সামাজিকভাৱে বৰ্জন কৰা বুলি পৰিয়ালৰ সদস্য সকলে অৱগত কৰিছে ।

সমান্তৰালকৈ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰা আন দুজন ভকতকো দণ্ড বিহিছে মণিকাঞ্চন প্ৰাথমিক শাখাই । মহাপুৰুষ শংকৰদেৱৰ যুগমীয়া নীতি আদৰ্শক জলাঞ্জলি দি নিজৰ মইমতালিৰে সমাজক নেতৃত্ব দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে নিকৃষ্ট কৰ্মৰ বিৰুদ্ধে গাঁৱৰ যুৱকসকল গৰজি উঠিছে । মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক মানি চলিব নোৱাৰা এই প্ৰাথমিক গোটক অতি শীঘ্ৰে ভংগ কৰি দিবৰ বাবে সংঘৰ কেন্দ্ৰীয় কৰ্তৃপক্ষক আহ্বান জনাইছে গাঁৱৰ যুৱকসকলে ।

শেহতীয়াকৈ যোৱা পাঁচ বছৰে প্ৰাথমিক শাখাখনৰ পৰা কোনো সদুত্তৰ নোপোৱা নগেন বৰুৱা নামৰ ব্যক্তিজনে ইয়াৰ এক উচিত ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ এনে কৰ্ম কাণ্ডই এতিয়া ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Elephants Appointed at KNP : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন কৰ্মচাৰী ধনমালা, সোণমলা আৰু কাঞ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.