পুনৰ অসমত ক'ৰণাৰ সংক্ৰমন ! ছুইডেনৰ পৰা অহা যুৱতীৰ দেহত ধৰা পৰিল ক’ভিড

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 6:07 PM IST

thumbnail

গুৱাহাটী, 22 ডিচেম্বৰ : পুনৰ অসমত ক'ৰণাৰ সংক্ৰমন । ছুইডেনৰ পৰা অহা এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ । বৃহস্পতিবাৰে GMCHত স্বাস্থ্য পৰীক্ষা কৰোতে যুৱতীগৰাকী ক’ভিড পজিটিভ বুলি ধৰা পৰে ।

যুৱতীগৰাকী ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1 ভাইৰাছত আক্ৰান্ত হোৱা বুলি এক খবৰ ওলাইছিল যদিও এই সন্দৰ্ভত কোনো তথ্য দিয়া নাই GMCH কৰ্তৃপক্ষই । 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘‘JN1 ভেৰিয়েন্ট আহিছে বুলি ভয় খাবলগীয়া একো নাই । বাহিৰৰ পৰা অহা এগৰাকী যুৱতীৰ দেহত ক’ভিড ধৰা পৰাটো সঁচা । যুৱতীগৰাকীৰ দেহত GMCH ত RTCR Test কৰোঁতে ধৰা পৰিছে ক’ভিড অৱস্থিতি । কিন্তু সেয়া JN1 হয় নে নহয় সেয়া ক'ব নোৱাৰি । কাৰণ এতিয়ালৈ অসমত JN1 টেষ্ট হোৱা নাই । যুৱতীগৰাকীক বৰ্তমান হোম আইচ’লেশ্যনৰ বাবে প্ৰেৰণ কৰা হৈছে । ভয়ৰ কোনো বিশেষ কাৰণ নাই ৷’’  

উল্লেখযোগ্য সমগ্ৰ বিশ্বৰ লগতে দেশতো ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1 ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । ক’ভিডৰ এই নতুন ভাইৰাছে এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভাৰতবৰ্ষৰ কেৰালাত বহুলোক আক্ৰান্ত হৈছে এই ভাইৰাছত (Covid new variant) ।

লগতে পঢ়ক: বৰপেটাৰোডত চিকিৎসকৰ ভয়ংকৰ কাণ্ড : শিশুৰ শৰীৰত প্ৰয়োগ ৯ মাহ পূৰ্বে ম্যাদ উকলা ভেকচিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.