কলিয়াবৰৰ দেওচুৰৰ ৰাজপথত জ্বলিল কন্টেইনাৰ ট্ৰাক

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 2:35 PM IST

thumbnail

কলিয়াবৰ, 16 ডিচেম্বৰ : শুকুৰবাৰে নিশা কলিয়াবৰৰ দেওচুৰৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন কন্টেইনাৰ ট্ৰাক ৷ যান্ত্ৰিক বিজুতিৰ বাবে এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ 

উল্লেখ্য যে, নগাঁৱৰ পৰা যোৰহাট দিশে গৈ আছিল বাহনখন ৷ তেনে সময়তে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জ্বলি উঠে কন্টেইনাৰ ট্ৰাকখন ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলী উপস্থিত হৈ জুই নিৰ্বাপন কৰে কলিয়াবৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে ৷ 

চালকৰ ভাষ্য অনুসৰি, বেটাৰী বিস্ফোৰণৰ ফলতে কন্টেইনাৰ ট্ৰাকখন জ্বলি উঠে ৷ তেওঁলোকে কয়, ‘‘ট্ৰাকখন জ্বলি উঠাৰ লগে লগে আমি ট্ৰাকখনৰ পৰা জাম্প মাৰিলো ৷ আমি জুই নুমুৱাবলৈ চেষ্টা কৰিছিলো যদিও ভস্মীভূত হয় ট্ৰাকখন ৷’’

লগতে পঢ়ক :এজাহাৰকাৰীৰ পৰা হাঁহ-কুকুৰা বিচাৰি শাস্তিৰ সন্মুখীন আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.