Murder in Dibrugarh: টেঙাখাতত ভায়েকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ককায়েকক

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:02 PM IST

thumbnail

ডিব্ৰুগড়, 29 অক্টোবৰ: দেওবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাতত সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ড । টেঙাখাতৰ কাছগাঁৱত ভায়েকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে নিজ ককায়েকক । কাছগাঁৱৰ প্ৰভু কৰ্মকাৰৰ সৰু পুত্ৰ বিকি কৰ্মকাৰে (২২) নিজ ককায়েক বিকাশ কৰ্মকাৰক (২৭) কুঠাৰেৰে ঘপিয়াই হত্যা কৰে । নিজৰ ঘৰৰ সমীপতে পথৰ কাষতে উক্ত ঘটনা সংঘটিত কৰে । দুই ভাই-ককাই কাজিয়াত লিপ্ত হৈ এই ঘটনা সংঘটিত কৰা বুলি অনুমান কৰিছে অঞ্চলটোৰ ৰাইজে । ঘটনাৰ পাচতে হত্যাকাৰী বিকি কৰ্মকাৰক টেঙাখাত আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে । টেঙাখাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখন উদ্ধাৰ কৰিছে । এই ঘটনাই টেঙাখাতত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ইফালে মৃত বিকাশ কৰ্মকাৰে ন-বিবাহিত পত্নীক এই সংসাৰত এৰি থৈ গৈছে । আৰক্ষীৰ তদন্তৰ পাচতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.