Assam drugs news:জোনাইৰ তৰাজানত ড্ৰাগছসহ কৰায়ত্ত এজন ড্ৰাগছ আসক্ত

By

Published : Aug 19, 2023, 7:32 PM IST

thumbnail

জোনাই, 19 আগষ্ট : জোনাইৰ তৰাজানত এজন ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰে ৰাইজে । যুৱকজনৰ পৰা উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ । শনিবাৰে তৰাজান গাঁৱৰ পৰা ৰাইজে আটক কৰিবলৈ সক্ষম হয় এই ড্ৰাগছ আসক্ত যুৱকজনক । জানিব পৰামতে দীৰ্ঘদিনৰে পৰা যুৱকজনে জোনাইৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছিল । কিন্তু শনিবাৰে গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ দলে বিশেষ সূত্ৰে জানিব পাৰি ড্ৰাগছ বেচিবলৈ অহা সময়তে হাতে লোটে যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আটকাধীন যুৱকজন জোনাইৰ তৰাজান গাঁৱৰ কুশল পেগু বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা ১.৬৭ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে AS 06X 5194 নম্বৰৰ এখন FZ মটৰচাইকেল উদ্ধাৰ কৰে ৰাইজে । ইয়াৰ পিচতে জোনাই আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰি জোনাই আৰক্ষী থানালৈ লৈ যায় ।

লগতে পঢ়ক : Drugs smuggling in Assam: ডিব্ৰুগড়ত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.