Gamblers arrested at Lanka: লংকাত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 9 জুৱাৰী আৰক্ষীৰ জালত

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:09 PM IST

thumbnail

হোজাই, 13 অক্টোবৰ : হোজাই জিলাৰ লংকাত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সোমবাৰে লংকাৰ লস্কৰপথাৰত লংকা আৰক্ষীয়ে অভিযান চলাই 9 টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই লক্ষাধিক টকা জব্দ কৰাৰ লগতে 9 টাকৈ জুৱাৰীক আটক কৰে ৷

আটকাধীন 9 জুৱাৰী হৈছে আব্দুল ৰছিদ, চহৰ আলী, হাফিজ আহমেদ, হাফিজ উদ্দিন, জাকিৰ হুছেইন, এমৰুল হুচেইন, আব্দুল মালিক, দিলদাৰ হুচেইন আৰু চফিকুল লস্কৰ বুলি জানিব পৰা গৈছে ৷ ধৃত জুৱাৰীৰ কেইটাৰ পৰা 1,62,000 নগদ ধন জব্দ কৰে লংকা আৰক্ষীয়ে ৷

ইফালে ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত বৃহৎ জুৱা খেল অনুষ্ঠিত হৈ আহিছে ৷ লগতে লাখ লাখ টকাৰ জুৱা খেলে জুৱাৰীয়ে ৷ ফলত পৰিৱেশ বিনষ্ট হৈছে অঞ্চলসমূহত ৷ এই অভিযোগ উত্থাপন কৰে ৰাইজে ৷ 

লগতে পঢ়ক:Anti Drugs operation: লংকাত হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.