9 detained in Dibrugarh: ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত বিক্ৰী মেট্ৰিকৰ প্ৰশ্নকাকত

By

Published : Mar 14, 2023, 6:35 PM IST

thumbnail

মৰাণ, 14 মাৰ্চ: মেট্ৰিকৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ (HSLC Paper leak) ঘটনাক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে ডিব্ৰুগড়ত প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত 9 জনক আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষী (9 detained in Dibrugarh) ৷ আটকাধীনকেইজনৰ ভিতৰত 8 জন ছাত্ৰৰ লগতে এজন খবৰ দিয়া লোক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ 

আৰক্ষীৰ জেৰাত আটকাধীন ছাত্ৰকেইজনে স্বীকাৰ কৰে যে,  ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত মেট্ৰিকৰ প্ৰশ্নকাকত লাভ কৰিছিল তেওঁলোকে (8 students detained  for paper leak)। ডিব্ৰুগড়ৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ছাত্ৰকেইজন । সম্প্ৰতি জুবিনিয়েল চাইল্ড এক্টৰ অধীনত ছাত্ৰ কেইজনক আটক কৰি চি আই ডি'ক গতাই দিছে ডিব্ৰুগড় আৰক্ষীয়ে ।  

এই সন্দৰ্ভত সংবাদমাধ্যমৰ সন্মুখত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (SP Shwetank Mishra) সদৰী কৰিছে যে, এই পৰ্যন্ত ছল্ট ব্ৰুক একাডেমীৰ অধ্যক্ষ, সঞ্চালককে ধৰি বিদ্যালয়খনৰ কেইবাজনো শিক্ষক-কৰ্মচাৰীক সোধা-পোচা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে । উল্লেখযোগ্য যে, দেওবাৰে সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিচতে বাতিল কৰা হৈছিল সাধাৰণ বিজ্ঞান বিভাগৰ পৰীক্ষা ৷ 

ইয়াৰ পিচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৰাজ্যৰ শিক্ষাৰ্থী,অভিভাৱকৰ লগতে বিভিন্ন দল সংগঠনসমূহে ৷  বছৰটোত অনুষ্ঠিত কৰা এটা পৰীক্ষাকো ছেবাই সুচৰুৰূপে পাতিব নোৱাৰে বুলি ছেবাৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে । ইয়াৰ পাচতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ অভিযান আৰম্ভ কৰিছিল ৷ 

লগতে পঢ়ক: HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.