77th Independence Day: সৰুপথাৰত মহকুমাধিপতি দিনছেংফা বৰুৱাই উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা

By

Published : Aug 15, 2023, 7:19 PM IST

Updated : Aug 16, 2023, 11:36 AM IST

thumbnail

সৰুপথাৰ, ১৫ আগষ্ট: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত মঙলবাৰে উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ ৷ ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱাই পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ পাচত মহকুমাধিপতি দিনছেংফা বৰুৱাই ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াই জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ।

সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা এই কাৰ্যসূচীত স্বাধীনতা দিৱসৰ পৱিত্ৰ দিনটোত দেশৰ হৈ স্বাধীনতা আন্দোলনত সহযোগ কৰা পৰিয়ালক সম্বৰ্ধিত কৰা হয় । স্বাধীনতা দিৱসৰ পেৰেডত আৰক্ষীৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ সৰুপথাৰ মহাবিদ্যালয়ৰ এনচিচি গ্ৰুপে এই পেৰেডত বিজয়ী খিতাপ লাভ কৰে । প্ৰত্যেক বৰ্ষৰ দৰে এইবৰ্ষটো সৰুপথাৰত ৰাইজে স্বাধীনতা দিৱস সুন্দৰভাৱে পালন কৰে।

লগতে পঢ়ক: Independence Day 2023: কলগাছিয়াত বিধায়কৰ উপস্থিতিত মহকুমাধিপতিয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা

Last Updated : Aug 16, 2023, 11:36 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.